District Day Celebration

  • জিলা দিৱস উদযাপন গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আৰু গোৱালপাৰা বাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ইং ১ আৰু ২ জুলাই, ২০২২ তাৰিখে গোৱালপাৰা জিলা দিৱস উদযাপন কৰাৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে আজি প্ৰথম দিনাৰ কাৰ্যসূচীত প্ৰথমতে গোৱালপাৰাৰ ডি,এন, সিংহ ষ্টেডিয়ামত জিলা উপায়ুক্ত মিনাক্ষী দাস নাথৰ উপস্থিতিত গুৱাহাটী লোক সভা সমষ্টিৰ মাননীয়া সাংসদ শ্ৰীযুতা কুইন ওজা ডাঙৰীয়ানীয়ে এটা চুইমিং পুলৰ আধাৰশিলা স্থাপন কৰে। পৰৱৰ্তী সময়ত নটসূৰ্য ফণী শৰ্মা প্ৰেক্ষাগৃহত বন্তি প্ৰজ্জ্বলনেৰে আজিৰ কাৰ্যসূচী শুভাৰম্ভ কৰে গুৱাহাটী লোক সভাৰ সাংসদ মাননীয়া শ্ৰীযুতা কুইন ওজা ডাঙৰীয়ানীয়ে। জিলা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত সভাত গোৱালপাৰা জিলা প্ৰশাসনৰ এটা অফিচিয়েল ৱেবচাইট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ইয়াৰ উপৰিও উক্ত অনুষ্ঠানতে গোৱালপাৰা জিলাৰ ইতিহাস সম্বলিত এখন কফি টেবুল বুক আৰু জিলাখনৰ বিভিন্ন বিভাগৰ কাম কাজৰ এখন বাৰ্ষিক প্ৰতিবেদন মুকলি কৰা হয়। ইয়াৰ লগতে উক্ত অনুষ্ঠানতে জিলাখনৰ বিভিন্ন বিভাগৰ ১৪ গৰাকী কৰ্মচাৰীক তেওঁলোকৰ কামৰ পাৰদৰ্শিতাৰ বাবে পুৰষ্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও ৰন্ধন শিখা প্ৰকল্পৰ অধীনত ২৫০ খন বিদ্যালয়লৈ প্ৰদান কৰিবলগীয়া গেছ চিলিণ্ডাৰৰ আজি ১০ খন বিদ্যালয়ক অনুষ্ঠানিকভাৱে গেছ চিলিণ্ডাৰ প্ৰদান কৰা হয় লগতে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ ১০ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক খাদীৰ চাৰ্ট আৰু শ্বল প্ৰদান কৰা হয়। আজি অনুষ্ঠিত হোৱা গোৱালপাৰা জিলা দিৱসৰ কাৰ্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী লোক সভাৰ মাননীয়া সাংসদ শ্ৰীযুতা কুইন ওজা ডাঙৰীয়ানীৰ লগতে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভা, এপিডিচিএলৰ সঞ্চালক ডাঃ প্ৰকাশ কাশ্যপ, আৰক্ষী অধীক্ষক শ্ৰীযুত ভি.ভি. ৰাকেশ ৰেড্ডী, বিশিষ্ট সমাজকৰ্মী, পদ্মশ্ৰী ড০ বীৰুবালা ৰাভা, গোৱালপাৰা আৰু লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি ক্ৰমে শ্ৰীযুত মহানন্দ পাঠক আৰু শ্ৰীযুত ৰাজেশ প্ৰকাশ গুপ্তা প্ৰমুখ্যে জিলা প্ৰশাসনৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু কৰ্মচাৰী লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু গোৱালপাৰা জিলাৰ কেইবাজনো গণ্য মান্য ব্যক্তি । ------
Video Section :
Title Details